গোগামুখৰ বিধ্বস্ত বাট পথে জ্বলা কলা খোৱাইছে ৰাইজক

 08/06/2019 - 18:29

গোগামুখঃ নিৰ্বাচনৰ প্রাক মুহূর্তত জনপ্রতিনিধিয়ে জনতাক দিয়া প্রতিশ্রুতি যেন কেতিয়াও পূৰণ নহয় তাৰে প্ৰমাণ হৈছে ধেমাজি জিলাৰ গোগামুখত। ধেমাজিৰ বৰদলনী উন্নয়ন খণ্ডৰ অধীনৰ ভেৱেলী গাঁও পঞ্চায়তৰ প্ৰায়বোৰ বাট পথৰ অতি শোচনীয় অৱস্থা। নাকত তেল দি শুই থকা জনপ্ৰতিনিধিয়ে জনতাৰ সমস্যা পৰিদৰ্শন কৰিবলৈ যেন আহৰিয়ে নাপায়। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢকুৱাখনা সংযোগী উপ পথটিৰ এতিয়া অতি শোচনীয় অৱস্থা। পকী পথছোৱা এতিয়া ভাঙি যোৱাৰ লগতে ঠায়ে ঠায়ে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত পথাচাৰীয়ে দুৰ্ভোগ ভূগিব লগীয়া হৈছে।

বিশেষকৈ ভেৱেলী নগাঁৱত পানী চলাচলৰ বাবে নিৰ্মাণ কৰা পকী কালভাৰ্টটো তললৈ বহি গৈছে। তদুপৰি কালভাৰ্টটোৰ দুয়োকাষে বৃহৎ আকাৰৰ গাঁতৰ সৃষ্টি হোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে। স্থানীয় লোকৰ ভাষ্য অনুসৰি কালভাৰ্টটোত দৈনিক সৰু-বৰ দুৰ্ঘটনা ঘটি আহিছে এই ক্ষেত্ৰত গড়কাপ্টানি বিভাগে কোনো ধৰণৰ ফলপ্ৰসু পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ স্থানীয় বাসিন্দাৰ। ইফালে ভেৱেলী গাঁও পঞ্চায়ত হৈ নগাঁও মন্দিৰ তিনিআলি ওলোৱা পথটি এতিয়া যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে কিয়নো সম্পূৰ্ণ পথছোৱা নিৰ্মাণ নকৰি বিভাগে আধাতে কাম সামৰাৰ ফলশ্ৰুতিতে এতিয়া ভেৱেলীৰ নগাঁৱৰ বাসিন্দাসকলে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগীয়া হৈছে।

পথছোৱাত বাৰিষা তিনি ঠাইত বানপানীয়ে ছিঙি পেলোৱাৰ ফলত এজাক বৰষুন দিলেই মানুহৰ ঘৰ তল যায়। অন্যহাতে ভোমাপদ্মপুৰত বানৰ ফলত কেইবাঠাইত ৰাষ্টা ছিঙি যোৱাত পথচাৰীৰ লগতে গাঁওবাসীৰ যাতায়তৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। কেৱল বাঁহৰ সাঁকো দি পাল মাৰিছে জনপ্ৰতিনিধিয়ে। দুচকীয়া বাহন পাৰ কৰিব নোৱাৰা দলং দিয়ে নিমাত হৈ আছে ৰজাঘৰীয়া। ভেৱেলী অঞ্চলত এতিয়া কেওফালে সমস্যাই আগুৰি ধৰিছে। কিন্তু এই সমস্যাৰ সমাধান কৰিবনে নে জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ প্ৰতিশ্ৰুতিয়ে দি থাকিব সেইয়া লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।