অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষক সন্থাৰ কৰ্মবিৰতিঃ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

 08/06/2019 - 18:43

গহপুৰঃ ২০১০ চনত নিযুক্তি লাভ কৰি চাকৰি নিয়মীয়া কৰণৰ পৰা বঞ্চিত হোৱা হাইস্কুল অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলে ২ আগষ্টৰ পৰা ৰূপায়ন কৰিছে কৰ্মবিৰতি কাৰ্যসূচী। সদৌ অসম অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষক সন্থাই ৰূপায়ন কৰে কৰ্মবিৰতি কাৰ্যসূচীৰ প্ৰভাৱ পৰিলক্ষিত হ'ল গহপুৰত। সদৌ অসম অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষক সন্থাৰ গহপুৰ মহকুমা সমিতিৰ বিষয়ববীয়া, সদস্যসকলে উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে গহপুৰৰ বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

উক্ত কৰ্মবিৰতি কাৰ্যসূচীৰ অংশ স্বৰূপে গহপুৰৰ টেটোনবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত গহপুৰ মহকুমা অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষক সন্থাই ৰূপায়ন কৰিছে কৰ্মবিৰতি কাৰ্যসূচী। ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গহপুৰৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ। ঠিকা ভিত্তিক শিক্ষকসকলৰ কৰ্মবিৰতিৰ ফলত শিক্ষকবিহীনভাবে শ্ৰেণী কোঠাত বহি থাকিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকল। শিক্ষা বিভাগ আৰু অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষকৰ যুঁজত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ পৰিছে হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।