তীব্ৰ জল সংকটৰ সন্মুখীন হৈছে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়

 08/06/2019 - 18:49

উত্তৰ গুৱাহাটীঃ চৌদিশে এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ নাটনি।  জনস্বাস্থ্য বিভাগৰ পানীৰ প্ৰকল্প আছে যদিও পানী যোগান বন্ধ থাকে। আবাসিক এলেকাটো বাদেই উত্তৰ গুৱাহাটীৰ মঠ মন্দিৰ ধৰ্মীয় অনুষ্ঠানতো পানীৰ অভাৱ। পাঁচ দিন ধৰি অশ্বক্লান্ত দেৱালয়ত পানী যোগান বন্ধ থকাত ধৰ্মীয় কাম কাজত জটিলতাই দেখা দিছে। পূজা পাৰ্বনত ব্যৱহাৰৰ বাবে দুশ ফুট তলৰ ব্ৰহ্মপুত্ৰৰ পানী কঢ়িয়াই নিয়ম পালন কৰিব লগা হৈছে মন্দিৰৰ পূজাৰীয়ে। 

বৰলুইতৰ পানীৰে বহু কষ্টৰে পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়ত পূজা পাৰ্বন চলিছে যদিও খোৱা পানীৰ বাবে হাহাকাৰ অবস্থা। মন্দিৰত অন্নপ্ৰাসন অনুষ্ঠান কৰিবলৈ লৈ পানীৰ বাবে যমৰ যাতনাত ভুগিছে আয়োজকে। উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী দেৱালয়, মনিকৰ্ণেশ্বৰ দেৱালয়ত খোৱা পানীৰ ব্যৱস্থা আছে যদিও পৰ্যাপ্ত নহয়। মন্দিৰৰ ভোগৰন্ধা পাত্ৰ নিজৰাত ধুৱাৰ বাবে প্ৰদূষিত পানী গ্ৰহণ নকৰে প্ৰাণীকুলে।

দীৰ্ঘেশ্বৰী পাহাৰত থকা জীব-জন্তুবে পানীৰ অভাবত জৰ্জৰিত। কপিকুলে বিশুদ্ধ পানী নাপাই পানীৰ টেপবোৰ ভাঙি থৈ যায়। কেৱল মন্দিৰেই নহয় আবাসিক অঞ্চলবাসীৰো একে অবস্থা।তিনি চাৰি দিনৰ মূৰত এঘণ্টা যোগান ধৰা পানী পৰ্যাপ্ত নহয়। স্বাস্থ্য মন্ত্ৰীৰ সমষ্টিতে পানীটুপিৰ এই অৱস্থাই মন্ত্ৰীগৰকীৰ মৰ্যদা অটুট ৰাখিব পাৰিবনে এই লৈ এতিয়া সৰব চৰ্চা সমষ্টিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।