লামডিঙত বিধ্বস্ত পথঃ নিৰ্মাণ সংস্থাৰ লুণ্ঠনৰ অভিযোগ

 08/06/2019 - 19:07

লামডিংঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ দিনতেই যেন দিনক দিনে বৃদ্ধি পাবলৈ লৈছে দুৰ্নীতি| চিমপ্লেস্ক নামৰ সংস্থাটোৱে নিৰ্মাণ কৰা নৱ গঠিত হোজাই জিলা আৰু কাৰ্বিআংলং সংযোগী মুঠ ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা সম্প্ৰতি অতি শোচনীয়| পথ নিৰ্মাণৰ বাবে কোটি কোটি টকা চৰকাৰে আবণ্টন দি আহিছে যদিও কিছুমান দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ অতি নিম্নমানৰ কামৰ বাবেই অতি কম সময়ৰ ভিতৰতে বহু পথ ভাঙি ছিঙি যোৱা পৰিলক্ষিত হৈছে। তাৰে এক জলন্ত উদাহৰণ হ’ল লামডিং ডিফু সংযোগী পথটো।

চিমপ্লেস্ক নামৰ সংস্থাটোৰ অতি নিম্নমানৰ কামৰ বাবে নিৰ্মাণ কৰা ৬ মাহ নহওতেই ভাঙি ছিঙি বিধ্বস্ত ৰূপ লোৱাত পথটোত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। লগতে সাধাৰণ ৰাইজৰে পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি আহিছে। যাৰ ফলস্বৰূপে কাৰ্বি আংলং জিলাৰ গড়কাপ্টানি বিভাগৰ দ্বাৰা অনুমোদিত হোৱা পথ নিৰ্মাণ আঁচনিত এনে বিসংগতি হোৱাক লৈ সাধাৰণ ৰাইজে কাৰ্বি আংলং জিলাৰ মূখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিৰৱ ভূমিকাক লৈও সন্দেহৰ দৃষ্টি নিক্ষেপ কৰিছে| সাধাৰণতে ৰাজ্যৰ উন্নয়ন কৰিছে বুলি দম্ভালি মাৰি অহা ৰাজ্যৰ গড়কাপ্টানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ দপ্তৰত সংঘটিত কৰি অহা এনে ধৰণৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ তথা সংস্থাবোৰৰ প্ৰতি কিবা বিভাগীয় তদন্ত কৰিবনে? নে চকুমুদা কুলিৰ ভাও ধৰি বহি থাকিব বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।