লাহৰীঘাট বজাৰত লেছীৰ মাছুলৰ নামত লুণ্ঠনৰ অভিযোগ

 08/06/2019 - 19:36

লাহৰীঘাটঃ সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল আজহা। ঈদ উল আজহাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে নিজৰ সাধ্যানুসৰি আল্লাহৰ নামত মহ, উট, গৰু, ছাগলী ইত্যাদি কোৰবানী দিয়ে‌। মৰিগাঁও জিলাৰ লাহৰীঘাট দ্বিসাপ্তাহিক বজাৰত এইবাৰ লেছীয়ে লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে। ঈদ উল আজহাৰ দিন চমু চাপি অহাৰ লগে লগে পশুধনৰ বজাৰত হুৱাদুৱা লাগিছে ইছলাম ধৰ্মাৱলম্বী ক্রেতা আৰু বিক্রেতাৰ মাজত।

এফালে বানৰ তাণ্ডৱত অসহায় আনফালে লেছীৰ লুণ্ঠনৰাজ। দহ পোন্ধৰ দিন আগতে বজাৰ সমিতিয়ে পশুধনৰ বাবদ যি পৰিমাণে মাচুল গ্ৰাহকৰ পৰা লৈছিল বৰ্তমান সময়ত তাৰ দুগুণ মাচুল লৈ গ্ৰাহকৰ মূৰত লেছীয়ে কঁঠাল ভাঙি থকাৰ অভিযোগ উঠিছে। ৪ আগষ্টত বজাৰ সমিতিয়ে ক্ৰেতা-বিক্ৰেতা উভয়ৰ পৰা এটা গৰুৰ বাবদ ১৫০ কৈ ৩০০ টকা লোৱা বুলি জানিব পৰা গৈছে। এনে লেছীৰ বিৰুদ্ধে প্ৰসাশনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।