ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ নামঘৰীয়া সুৰেন বণিয়াৰ মৃত্যু

 08/06/2019 - 19:46

ৰঙিয়াঃ ৰঙিয়াৰ শান্তিপুৰত থকা শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ নামঘৰীয়া (ভকত) সুৰেন বণিয়াৰ আজি দিনৰ ১১ বজাত আকস্মিকভাবে মৃত্যু হয়। ভকতগৰাকীৰ মৃত্যুৰ খবৰ পোবা মাত্ৰকে সমগ্ৰ ভকত সমাজৰ লগতে ৰঙিয়াত গভীৰ শোঁকৰ ছাঁ পৰে। ভকত সুৰেন বণিয়াই এনেদৰে মৃত্যুক সাৱটি লোৱাৰ পিছত বহু গুণমুগ্ধ তেওঁৰ শান্তিপুৰৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জনোৱাৰ উপৰি বণিয়াৰ আত্মাৰ চিৰশান্তি কামনা কৰে। দিনৰ ১২ মান বজাত বণিয়াৰ মৃতদেহ ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সত্ৰলৈ নিয়াৰ পিছত শ্ৰীমন্ত সংঘৰ তৰফৰ পৰা ফুল আৰু গামোচাৰে শেষ বিদায় জনোৱা হয়।

ইয়াৰ পিছত অগণন ভক্ত তথা শোকাকুল ৰাইজৰ উপস্থিতিত বণিয়াৰ মৃতদেহ ৰঙিয়া ৰাজহুৱা শ্মশানলৈ নিয়াৰ পিছত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ৭২ বছৰীয়া সুৰেন বণিয়াই মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, বোৱাৰী আৰু এজনী কন্যা সন্তানৰ এৰি থৈ যায়। উল্লেখ্য যে প্ৰয়াত বণিয়াই তেওঁৰ জীৱিত কালত বহু বছৰ ধৰি ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ নামঘৰীয়া (ভকত) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰতিদিনে ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সত্ৰত পুৱা-গধূলি চাকি-বন্তি জ্বলাই নাম প্ৰসংগৰে মুখৰিত কৰা সুৰেন বণিয়াৰ হঠাৎ এনেদৰে মৃত্যুক সাৱটি লোৱাত ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ লগতে ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ, ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ৰঙিয়া প্ৰেছ ক্লাৱ, ৰঙিয়া মহকুমা প্ৰেছ এচোছিয়েচনে গভীৰ সমবেদনা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।