হিন্দুস্তান লিভাৰ লিমিটেড (পিপিএফ) ৱাকাৰ্চ ইউনিয়নৰ বান সাহায্য

 08/06/2019 - 20:30

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত হিন্দুস্তান লিভাৰ লিমিটেডৰ (পিপিএফ) ৱাকাৰ্চ ইউনিয়নে বিগত কিছু দিনৰ আগতে বানত ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্তৰ বাবে এলানি বান সাহায্য বিতৰণৰ লগতে বিনামূলীয়া চিকিৎসা সেৱাৰ কাৰ্যসূচী হাতত লয়৷

জানিব পৰা মতে তেওঁলোকে উক্ত কাৰ্যসূচীত জিলাখনৰ অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাক চুমনিত বানত সৰ্বস্বান্ত হোৱা বানাক্ৰান্তসকলক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে৷ হিনুস্তান লিভাৰ লিমিটেড (পিপিএফ) ৱাকাৰ্চ ইউনিয়নৰ এই মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বানাক্ৰান্ত ৰাইজে লগতে কাকপথাৰ আৰু ডিৰাকৰ সচেতন মহলে তেওঁলোকৰ এই মহান কাৰ্যক প্ৰশংসা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।