দলগাঁও এন আৰ চি সেৱা কেন্দ্ৰত উপায়ুক্তৰ ছাডেন ভিজিট

 08/06/2019 - 20:33

দলগাঁওঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশলৈ মাত্ৰ কেইটামান দিন বাকী। জনসাধাৰণৰ মাজত এনে আৰ চিক লৈ বিভিন্ন শংকা, আৰু উৎকণ্ঠা অব্যাহত থকাৰ সময়ত আজি সন্ধিয়া দৰং জিলা উপায়ুক্ত ঘনশ্যাম দাসে দলগাঁৱত উপস্থিত হৈ এন আৰ চি সেৱা কেন্দ্ৰত উপস্থিত হৈ বিষয়া কৰ্মচাৰীৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে ডি ভোটাৰ, বিদেশী ঘোষিত ব্যক্তি, বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন নাগৰিক আৰু ভুলকৈ ডি ভোটাৰ আৰু বিদেশী ঘোষিত ব্যক্তিৰ ক্ষেত্ৰত ল’বলগীয়া সিদ্ধান্ত সম্পৰ্কে আলোচনা কৰে।

ইফালে ভুলকৈ বিদেশী আৰু ডি ভোটাৰ চিহ্নিত হোৱা লোকৰ এন আৰ চি কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে উপায়ুক্ত ঘনশ্যাম দাসে। আনহাতে দৈপাম এলেকাত অনাময় আঁচনিত হোৱা দুৰ্নীতি সম্পৰ্কে প্ৰশ্ন কৰাত তদন্ত চলি থকা বুলি অৱগত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।