কাজিৰঙাত আৰক্ষীৰ অভিযানঃ শিল ভঙা মেচিন, ট্ৰাকসহ দুই দুষ্কৃতিকাৰী আটক

 08/06/2019 - 20:42

কাৰ্বি আংলংঃ কাজিৰঙা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত গঢ় লৈ উঠা অবৈধ শিলৰ খনিয়ে ভয়ানক বিপদ চপাই আনিছে কাজিৰঙাৰ জৈৱিক বৈচিত্ৰ্যলৈ। কাজিৰঙা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত একাংশ অবৈধ ব্যৱসায়ীয়ে শিল ভঙা মেচিন বহুৱাই চলাই আছে প্ৰকৃতিৰ লুণ্ঠনৰাজ। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো বন্ধ হোৱা নাই প্ৰকৃতিৰ ধ্বংসযজ্ঞ৷

কাৰ্বি আংলং আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে একাংশ দুষ্কৃতিকাৰীয়ে অবৈধভাৱে শিল ভঙা কাৰ্য অব্যাহত থকাৰ তথ্য৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত ডলামৰা আৰক্ষী, ৰংবংৱে আৰক্ষী আৰু বন বিভাগে চলোৱা এক যুটীয়া অভিযানত আজি ডলামৰা থানাৰ অন্তৰ্গত গেলেকী এলেকাৰ খাইলুং তেৰাং গাঁৱত অবৈধভাবে স্থাপন কৰা ফুলেশ্বৰী ষ্টন ক্ৰেচাৰ নামৰ উদ্যোগটোৰ পৰা এটা শিল ভঙা মেচিন, বেটাৰী, ইন্ধনত ব্যৱহৃত গিলান আদি জব্দ কৰাৰ লগতে AS 09A 4102 নম্বৰৰ এখন ট্ৰাক আৰু AS 05F 1181 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে৷

এই অবৈধ কাৰ্যত জড়িত দুজন লোককো আটক কৰে আৰক্ষীয়ে৷ আটকাধীন লোক দুজন ক্ৰমে বোকাখাত গড়মূৰৰ মুনিন বৰা আৰু বিষ্ণুপুৰৰ যুগল বৰুৱা৷ এই সংক্ৰান্তত ডলামৰা থানাত এক গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰখাৰ কথা জানিবলৈ দিছে মহকুমা আৰক্ষী বিষয়াই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।