ডবকাত চেগুন ভৰ্তি ট্ৰাক জব্দ

 08/06/2019 - 20:51

ডবকাঃ হোজাই জিলাৰ ডবকাত অবৈধভাৱে সৰবৰাব কৰা চেগুনৰ কুণ্ডাভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ৷ AS 01 L 9660 নম্বৰৰ ট্ৰাকখনেৰে যোৱা নিশা কাৰ্বি আংলঙৰ পৰা হোজাইলৈ কঢ়িয়াই গৈ থকা অৱস্থাত বন বিভাগে জব্দ কৰে ট্ৰাকসহ বৃহৎ পৰিমাণৰ চেগুন কাঠ৷

আব্দুল কাচিম ওৰফে কাচু নামৰ লোকজনে ১৪০ কেবি কাঠৰ টি পি উলিয়াই অবৈধভাৱে ৪৫০ কেবি চেগুনৰ কুণ্ডা লৈ যাওঁতেই হালধিআটিৰ পৰা জব্দ কৰে গাড়ীখন৷ গাড়ীৰ চালক ৰমজান আলীক আটক কৰি তদন্ত চলাইছে বন বিভাগে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।