ৰঙিয়াত যাত্ৰীবাহী ৰে’লত ব্যৱসায়ীৰ আত্মহত্যা

 08/07/2019 - 14:04

ৰঙিয়াঃ ৰঙিয়া গোগমালাছাত নামনিমুৱা ডেকাৰগাঁও যাত্ৰীবাহী ৰে’লৰ আগত পৰি এজন ব্যৱসায়ীয়ে আত্মহত্যা কৰা ঘটনা এটাই সমগ্ৰ ৰঙিয়াতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিষয়ে জানিব পৰা মতে ডেকাৰগাঁৱৰ পৰা যাত্ৰা কৰা যাত্ৰীবাহী ৰে’লখন ৰঙিয়া ষ্টেচন পাবলৈ মাত্ৰ তিনিশ মিটাৰমান বাকী থকা অৱস্থাতে অৰ্থাৎ গোগমালাছাত ব্যৱসায়ীজনে ৰে’লৰ আগত পৰি আত্মহত্যা কৰে।

নিশা প্ৰায় ৮.৩০ মান বজাত ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে মৃতদেহটো ৰঙিয়াৰ জনপ্ৰিয় পাণ দোকানী ভানু পাল (৪৮) বুলি চিনাক্ত কৰে। পিছত ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো ষ্টেচনলৈ নি নিশাটো মৰ্গত ৰখাৰ ব্যৱস্থা কৰে। পুৱাৰ ভাগত মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।