ভাস্কৰ শৰ্মা ফেনছ ক্লাৱৰ মুখ্যমন্ত্ৰীৰ হাতত বান সাহায্য পুঁজিলৈ এঘাৰ লাখ টকাৰ চেক প্ৰদান

 08/07/2019 - 14:09

মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ একমাত্ৰ লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ পূব কয়লা ক্ষেত্ৰৰ হৈ মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত সৰ্বমুঠ ৩১,৬০৬২১.৪৯ টকাৰ চেক্ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়ায়৷ প্ৰতিষ্ঠানটোৰ মহা প্ৰৱন্ধক যুগল বৰাৰ লগতে বিধায়ক ভাস্কৰ শৰ্মা আৰু আটাইকেইটা শ্ৰমিক সংগঠনৰ নেতৃত্ব আৰু প্ৰতিষ্ঠানটোৰ কেইবাজনো বিষয়া উপস্থিত থাকে।

অন্যহাতে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অনুৰাগীসকলেৰে গঠিত ভাস্কৰ শৰ্মা ফেনচ্ ক্লাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত সৰ্বমুঠ এঘাৰ লাখ একচল্লিছ হাজাৰ টকাৰ চেক্ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়ায়৷ উল্লেখ্য যে বিধায়ক ভাস্কৰ শৰ্মাইও নিজৰ এমাহৰ দৰমহা ফেনচ্ ক্লাৱৰ বান সাহায্য পুঁজিলৈ আগবঢ়াইছিল৷

বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যক্তিগত ছ’চিয়েল মিডিয়া আৰু প্ৰেছ উপদেষ্টা তথা ফেনচ্ ক্লাৱৰ মুখ্য আহ্বায়ক ৰূপম বৰুৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলৰ লগতে বিধায়ক ভাস্কৰ শৰ্মাই মঙলবাৰে মুখ্যমন্ত্ৰী সোণোৱালক দিছপুৰস্থিত তেওঁৰ কাৰ্যালয়ত উক্ত ধনৰাশি প্ৰদান কৰে৷ বেচৰকাৰী সংগঠনটোৰ প্ৰতিনিধি দলটোৰ অন্যান্য সদস্যসকল ক্ৰমে বিধায়কৰ সমষ্টিৰ কামকাজৰ তত্বাৱধায়ক জ্যোতিষ ৰাই(সোন্দাষ), জাগুণ জিলা পৰিষদৰ সদস্য বোধ প্ৰকাশ উপাধ্যায়, লেখাপানী আঞ্চলিক পঞ্চায়তৰ সদস্য নৱ দত্ত উক্ত অনুষ্ঠানত উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।