আজি অসমলৈ আহিব নৰেন্দ্ৰ মোডী

 03/30/2019 - 12:32

ডিজিটেল ডেস্ক: ২০১৯বৰ্ষৰ লোকসভা নিৰ্বাচন সমাগত। সকলো ৰাজনৈতিক দল এতিয়া ব্যস্ত হৈ পৰিছে প্ৰচাৰ অভিযানত। আজি অসমত প্ৰচাৰ অভিযানত ভাগ ল'বলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

মৰাণ আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্রীগৰাকীয়ে। মৰাণৰ প’ল’ ফিল্ডত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব মোডীয়ে। ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু যোৰহাটৰ প্ৰাৰ্থী তপন গগৈৰ হৈ তেওঁ প্ৰচাৰ চলাব ।

দুপৰীয়া ১২.৩০বজাত তেওঁ উপস্থিত হ’ব মৰাণত আৰু বিয়লি ২.৩০ বজাত গহপুৰত উপস্থিত হ’ব। বৰঙাবাৰীত নিৰ্বাচনী সভাতো অংশ ল’ব মোডীয়ে ।

তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈও প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।