অভয়াপুৰীত ছাত্ৰীৰ আত্মহত্যা

 08/07/2019 - 14:18

অভয়াপুৰীঃ অভয়াপুৰী ঘিলাগুৰীত অঘটন। ৯৮৩ নং ঘিলাগুৰী ইকৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ বাৰান্দাত আত্মহত্যা এগৰাকী ছাত্ৰীৰ।ছাত্ৰীগৰাকীৰ নাম পিংকি মণ্ডল (১৪)। মৃত ছাত্ৰীগৰাকীৰ আঁঠুত আঘাতৰ চিন প্ৰত্যক্ষ স্থানীয় ৰাইজৰ। সম্প্ৰতি দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই ৰহস্যজনক আত্মহত্যাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।