নেমছুৰ লালেটাপুৰ দক্ষিণ চিলাবন্ধা আঞ্চলিক সমিতি গঠন

 08/07/2019 - 14:24

বালিপাৰাঃ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ চিলাবন্ধা আঞ্চলিক সমিতিখন মঙলবাৰে গঠন কৰা হয়। আমদাৰা ভৈৰৱী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত সমাজকৰ্মী নৰ বাহাদুৰ দাহালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সভাৰ আহ্বায়ক ইয়াকুব আলীয়ে। সভাত সংগঠনৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰাৰ লগতে সৰ্ব সন্মতি মৰ্মে ইয়াকুব আলীক সভাপতি মজিবুৰ ৰহমান, জাকিৰ হুছেইনক যুটীয়া সাধাৰণ সম্পাদক আৰু গুলজাৰ হুছেইনক মুখ্য সাংগঠনিক সম্পাদক হিচাপে লৈ মুঠ ৪১ জনীয়া শক্তিশালী দক্ষিণ চিলাবন্ধা আঞ্চলিক সমিতি গঠন কৰা হয়।

সভাত সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আজনুৰ হুছেইনে ভাষন প্ৰসংগত নেমছুৰ কৰ্ম কৰ্তাসকলক নিজ নিজ লক্ষ্য আৰু উদ্দেশ্যত সদায় অটল থাকি আৰু ৰাজনীতিৰ পৰা বিৰত থাকি কাম কৰি যাবলৈ আহ্বান জনায়। লগতে নেমছুৰ সংবিধান উলংঘা কৰাসকলক কোনোপধ্যে ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দি সভাপতিজনে কয় যে জাতীয় স্বার্থত সকলো সংগঠন ঐক্যবদ্ধ হৈ কাম কৰি যাব। সভাত শোণিতপুৰ জিলা নেমছুৰ সাধাৰণ সম্পাদক ছাইদুল ইছলামে নিজ ভাষনত সংখ্যালঘুসকলৰ শৈক্ষিক দিশটো অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায় সংগঠনৰ কৰ্ম কৰ্তাসকলক।

লগতে কয় যে নেমছুক কোনো অপশক্তিয়ে ষড়যন্ত্র কৰি চুলি পৰিমাণো আচুৰ পেলাব নোৱাৰে সকলোকে সৎ আৰু নিষ্ঠা সহকাৰে সত্যত থাকি কাম কৰি যাবলৈ আহ্বান জনায়। সভাত সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মুস্তাক হুছেইনে নিজ ভাষনত নেমছুক আদৰ্শ সংগঠন গঢ়াৰ আহ্বান জনায় আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে নেমছুত জড়িত হ’ব বিচাৰিলে নেমছুত তেওঁলোকৰ কোনো স্থান নাথাকিব বুলি উল্লেখ কৰে। একেদৰে বিশ্বনাথ জিলা জমিয়ত উলেমা হিন্দৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী নুৰুল আমিন কাছিমীয়ে ভাষনত সংখ্যালঘুসকলৰ শৈক্ষিক দিশটো অধিক শক্তিশালী কৰাৰ ক্ষেত্রত যথোপযুক্ত গুৰুত্ব প্ৰদান কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়।

সমিতি গঠন সভাখনত সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সহঃসাধাৰণ সম্পাদক আব্দুল কাদিৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক মুস্তাফিজুৰ ৰহমান, সহঃসাধাৰণ সম্পাদক মহিবুৰ ৰহমানৰ লগতে বিশিষ্ট সমাজসেৱক ক্ৰমে চিৰাজ আলি, আব্দুল কালাম, হানিফ আলী, জালাল উদ্দিন, চাহাব উদ্দিন খান, বদিউজ্জামানৰ লগতে বিভিন্ন অঞ্চলৰ সমাজ সেৱকসকল উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।