বৰপেটাৰ পাতলিকুছিত বানাক্ৰান্তৰ মাজত বিনামূলীয়া চিকিৎসা শিবিৰ

 08/07/2019 - 14:28

জনীয়াঃ আন্তৰ্জাতিক পৰ্যায়ৰ এনজিঅ’ আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনৰ সৌজন্যত আৰু বৰপেটা জিলাৰ জনীয়াস্থিত অন্যতম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এনজিঅ’ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত মঙলবাৰে বৰপেটা জিলাৰ জনীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত পাতলিকুছিত বানপীড়িতৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ কৰা হয়।

শিবিৰটোত চিকিৎসক ডাঃ শ্বাহনুৰ ৰহমানে ১০৫ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে। তদুপৰি উক্ত চিকিৎসা শিবিৰটোত বৰপেটা চাইল্ড লাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলাম, এনজিঅ’ৰ মইনুল হক চৌধুৰী (সাংবাদিক) আৰু স্থানীয় যুৱকে সহযোগিতা আগবঢ়ায়। বানাক্ৰান্ত লোকৰ মাজত এনজিঅ’ই আগবঢ়োৱা এনেকুৱা বিনামূলীয়া স্বাস্থ্য সেৱাত ৰাইজ যথেষ্ট উপকৃত হৈছে বুলি সচেতন মহলে মতপোষণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।