ছয়গাঁৱৰ গোৱৰ্ধনত এনআৰচিৰ শুনানিলৈ যোৱা গাড়ী পুনৰ দুৰ্ঘটনাগ্ৰস্ত

 08/07/2019 - 14:44

দক্ষিণ কামৰূপঃ ছয়গাঁও গোৱৰ্ধনত মঙলবাৰে নিশা পথৰ দাঁতিত বাগৰিল এখন আলট্ৰা বাছ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকোৰ অভিমুখে গৈ বাছখনে গোৱৰ্ধনত আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত। দুৰ্ঘটনাত ১ গৰাকী কিশোৰীসহ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হয় ১৫ জনৰো অধিক লোক। আহতসকলক নিশাই ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

কিন্তু নিশাই এজনৰ বাহিৰে আন ১৪ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ মৃত মহিলাগৰাকীৰ নাম চয়মুন নেছা আৰু কিশোৰীগৰাকীৰ নাম আৰ্জুনা বেগম৷ বকোৰ ডেকাচাঙৰ প্ৰায় ৪০ জন লোকে উক্ত বাছখনেৰে এনআৰচিৰ শুনানিৰ বাবে গৈছিল যোৰহাটলৈ। নিশা যোৰহাটৰ পৰা বকোলৈ ঘূৰি অহাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।