এটিএমৰ পৰা টকা সৰকোৱাৰ অপৰাধত এজনক গ্ৰেপ্তাৰ ছয়গাঁও আৰক্ষীৰ

 08/07/2019 - 15:00

ছয়গাঁওঃ এগৰাকী ব্যক্তিক ঠগাই এটিএমৰ পৰা ২০,০০০ হেজাৰ টকা সৰকোৱাৰ অপৰাধত এজন লোকক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ লোকজন হ’ল গুৱাহাটীৰ পাণ্ডু ৰে’লৱে ক’লনিৰ বিকাশ দাস৷ জানিব পৰা মতে যোৱা ৬ জুলাইৰ দিনা বাংকাকাটা গাঁৱৰ চন্দ্ৰকান্ত কলিতা নামৰ লোকজনে ছয়গাঁৱৰ এছ বি আই বেংকৰ লগত সংলগ্ন এটিএমৰ পৰা ২০,০০০ টকা উলিয়াব বিচৰাত টকাখিনি ওলাই নাহে৷ পাছত ব্যক্তিজনে তেওঁৰ পিছৰ ল’ৰাজনক এই বিষয়ে সোধাত ল’ৰাজনে আনটো এটিএমত চাব কোৱাত তেওঁ সেইটো এটিএমৰ পৰাও টকা উলিয়াব নোৱাৰিলে৷

তাৰ পিছতেই তেওঁ এই সম্পৰ্কে বেংক কৰ্তৃপক্ষ আৰু ছয়গাঁও আৰক্ষী থানাত লিখিতভাৱে জনায়৷ পিছত চিচি কেমেৰাত এই দৃশ্য প্ৰত্যক্ষ কৰাত বিকাশ দাস নামৰ লোকজনে এটিএমৰ ওচৰৰ পৰা চন্দ্ৰকান্ত কলিতাই সহায় বিচৰা যুৱকজনক হাতৰে বিভিন্ন ইংগিত দি যুৱকজনে আনএখন এটিএম কাৰ্ড সোমাই ২০,০০০ টকাটো উলিওৱাটো চিচি কেমেৰাত ধৰা পৰে৷ মঙলবাৰে বিকাশ দাস নামৰ লোকজন বেংকত সোমোৱাটো চিচি কেমেৰাত বেংকৰ প্ৰৱন্ধকে প্ৰত্যক্ষ কৰাত তেওঁক কৰ্মচাৰীৰ হতুৱাই নিজৰ কোঠালৈ মাতি নি বহুৱাই ৰাখি গোপনে ছয়গাঁও আৰক্ষী থানাত খবৰ দিয়ে৷

লগে লগে আৰক্ষীৰ লোক বেংকত উপস্থিত হৈ লোকজনক গ্ৰেপ্তাৰ কৰে৷ মঙলবাৰে নিশা লোকজনক জেৰা কৰাত লোকজনে এটিএমৰ পৰা কৌশলেৰে টকাখিনি উলিওৱাৰ কথা স্বীকাৰ কৰে৷ লোকজনে এই লৈ তৃতীয়বাৰৰ বাবে এনেদৰে কৌশলেৰে এটিএমৰ পৰা আনৰ ধন সৰকোৱাৰ কথা আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ আৰু ৩৭৯ ধাৰাত ৭২৫/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি আনজন অভিযুক্তক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।