ভূৰাগাঁৱৰ সৰ্প দংশিত মহিলা সুস্থ

 08/07/2019 - 15:24

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত হলৌকান্দা গাঁৱৰ জিন্নাৰ পত্নী মুৰ্শিদা বেগমক মঙলবাৰে বিষাক্ত সৰ্পই দংশন কৰে। জানিব পৰা মতে বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত মহিলাগৰাকীয়ে নিজ গৃহলৈ গৈ তিতা খৰিবোৰ ৰ’দত মেলি দিয়াৰ উদ্দেশ্যে খৰিৰ চাঙলৈ যোৱাৰ লগে লগেই বান পানীৰ সময়ত চাঙত সোমাই থকা এটা বিষাক্ত সৰ্পই মহিলাগৰাকীক দংশন কৰে। লগে লগেই মহিলাগৰাকীক ভূৰাগাঁও পৰিপূৰক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইপিনে মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত মৰিগাঁৱৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মহিলাগৰাকী সুস্থ হৈ উঠাত আজি মহিলাগৰাকীক ঘৰলৈ লৈ আনে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যি সময়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা বিভাগৰ উন্নতিৰ নামত ফটা ঢোল কোবাই ফুৰিছে তেনে সময়তে বৃহত্তৰ নৈপৰীয়া অঞ্চলৰ একমাত্ৰ চিকিৎসালয় ভূৰাগাঁও পৰিপূৰক চিকিৎসালয়ত এণ্টিভেনক ইনজেকচন নথকাটোৱে চিকিৎসা বিভাগৰ নগ্ন স্বৰূপটো উদঙাই দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।