মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ চেক প্ৰদান বিশিষ্ট সমাজ সেৱক জাবেদ আলীৰ

 08/07/2019 - 15:30

লাহৰীঘাটঃ সমগ্ৰ ৰাজ্যতে প্ৰলয়ংকৰী বানে লাখ লাখ জনসাধাৰণৰ বিস্তৰ ক্ষতি সাধন কৰাৰ সময়তে চৰকাৰ, বিভিন্ন দল সংগঠনৰ লগতে একাংশই ব্যক্তিগতভাৱে বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য আগবঢ়াই থকা পৰিলক্ষিত হৈছে। আন বহুলোকে বন্যাৰ্তসকলক সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ধন আগবঢ়াৱাৰ সময়তে বন্যাৰ্তসকলক সহায়ৰ বাবে মুখ্যমন্ত্ৰী পুঁজিলৈ লাহৰীঘাট অঞ্চলৰ যুৱ নেতা তথা বিশিষ্ট সমাজ সেৱক জাবেদ আলী মৰলৰ লগতে তেখেতৰ সহধৰ্মিনী তছলিমা বেগমে ৫ আগষ্টত মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ ৫৫ হেজাৰ টকাৰ এখন চেক আগবঢ়ায়।

বিশিষ্ট সমাজ সেৱকগৰাকীৰ এনে পদক্ষেপক লাহৰীঘাটবাসীয়ে উষ্ম আদৰণি জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখ্য যে টেঙাগুৰিৰ হাতীলৰুৱা পথাৰ গাঁৱৰ মৰহুম অহেদ আলী মৰলৰ সুযোগ্য সন্তান জাবেদ আলী মৰলে বান পানীৰ সময়ত টেঙাগুৰি, টেঙাগুৰি কছাৰীগাঁও, মহমাৰি পথাৰ, ঔতলাবড়ী, হাতীলৰুৱা পথাৰকে আদি কৰি বিভিন্ন বানাক্ৰান্তসকলৰ মাজত চৰকাৰে বাবে সাহায্য আগবঢ়োৱাৰ উপৰি দিন-ৰাতি একেকাৰ কৰি ব্যক্তিগতভাবে পানীৰ বটল, বিস্কুট, চিৰাৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰি অসহায় বন্যাৰ্তসকলৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।