পেঙেৰীত দুই আলফা (স্বা) কেডাৰৰ আত্মসমৰ্পণ

 08/07/2019 - 15:35

মাৰ্ঘেৰিটাঃ তিনিচুকীয়াত জিলাত দুজন দুৰ্ধৰ্ষ আলফা সদস্যৰ আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে৷ স্বাধীনতা দিৱসৰ পূৰ্বে উগ্ৰপন্থী বিৰুদ্ধে ভাৰতীয় সেনাই জিলাখনৰ সীমামূৰীয়া অঞ্চলৰ সমূহত চলাই থকা অভিযানৰ মাজতেই তিনিচুকীয়া জিলাৰ পেঙেৰীৰ টেকেৰী গাঁৱত কালি নিশা প্ৰায় ১২ বজাত দুই দুৰ্ধৰ্ষ আলফা সদস্যই আত্মসমৰ্পণ কৰে৷

গোপন সূত্ৰৰ তথ্য ভিত্তিত তিনিচুকীয়া আৰক্ষী, ২১০ বেটেলিয়ন কোব্ৰা, ৬৮ বি এন চি আৰ পি এফ, ২১ পাৰা এছ এফ আৰু সেনাৰ ৩নং গাৰোৱাল ৰেজিমেণ্টে চলোৱা এক যুটীয়া অভিযানত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আলফা স্বাধীনৰ দুয়োগৰাকী কেডাৰে৷ আত্মসমৰ্পণকাৰী দুই আলফা সদস্য হৈছে ক্ৰমে ধেমাজিৰ প্ৰণৱজ্যোতি বৰা ওৰফে ৰিদীপ অসম আৰু শদিয়া অমৰপুৰৰ ৰোহিত কুলি ওৰফে পল অসম৷ আত্মসমৰ্পণকাৰী দুই আলফা কেডাৰৰ পৰা দুটা চাইনীজ হেণ্ড গ্ৰেণেড জব্দ কৰিবলৈ সক্ষম হয় হয় বুলি জানিব পৰা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।