লংকাত দুই সহোদৰৰ সলিল সমাধি

 08/07/2019 - 15:42

লংকাঃ মছজিদৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত সাঁকো পাৰ হওতে পিছলি পানীত পৰি একে ঘৰৰ দুই সহোদৰৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে লংকাৰ লস্কৰ পথাৰ কপিলী পাৰৰ নিৰ্বাসী দুই শিশু চাহিদ আলম (৪) আৰু মেহ্বুবে আলমে (৭) মছজিদৰ পৰা ঘৰৰ অভিমূখে আহি থকা অৱস্থাত চাহিদ আলম পথৰ পৰা পিছলি লংকাজান জুৰিত পৰাত ভায়েকক বচাবলৈ মেহ্বুব আলম পানীত নামোতেই নৈৰ সোঁতে দুয়োকে লৈ যোৱাত সলিল সমাধি ঘটে।

পিছত দুয়োকে স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰে। পিছত লংকা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুই সহোদৰৰ মৃতদেহ লংকা আৰক্ষী থানালৈ লৈ আহে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।