৫ এপ্ৰিলত অসমলৈ আহিব বংগৰ দিদি

 03/30/2019 - 13:50

ধুবুৰীঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটিমান দিন। নিৰ্বাচনী প্ৰচাৰকলৈ ৰাজনৈতিক দলসমূহৰ বৃদ্ধি পাইছে ব্যাপক তৎপৰতা। এনে সময়তে ৫ এপ্ৰিলত অসমলৈ আহিব তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

ধুবুৰী চহৰত তৃণমূলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বংগৰ দিদি। ৫ এপ্ৰিলৰ দিনৰ ১ বজাত ধুবুৰীত মমতা বেনাৰ্জী উপস্থিত হ’বহি বুলি সদৰী কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গোপী নাথ দাসে।

ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ৯ টা লোকসভা সমষ্টিতে প্ৰাৰ্থী দিছে তৃণমূল কংগ্ৰেছে। এই নিৰ্বাচনী প্ৰচাৰত দিদিৰ লগতে উপস্থিত থাকিব মন্ত্ৰীসভাৰ আন কেইবাগৰাকী মন্ত্ৰীৰ লগতে সাংসদ। আনহাতে কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ লগতে ৰবীন্দ্ৰ ঘোষ, গৌতম দেৱ আৰু চিদ্দিকুল্লা চৌধুৰীয়েও এই নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।