মঙলদৈতো ঠিকাভিত্তিক শিক্ষকৰ অৱস্থান ধৰ্মঘট

 08/07/2019 - 17:47

মঙলদৈঃ আজিও দৰঙত অব্যাহত আছে ঠিকাভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন। শ্ৰেণীবর্জনৰ মাজতে অনুষ্ঠিত হ’ল অৱস্থান ধৰ্মঘট। বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয় ধৰ্মঘট। দীৰ্ঘদিন চৰকাৰী শোষণ, বঞ্চনা, প্ৰতাৰণাৰ লগতে ষড়যন্ত্ৰৰ অভিযোগ তুলি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ দৰং জিলা সমিতিয়ে এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী অনুষ্ঠিত কৰে।

শিক্ষকসকলৰ অভিযোগ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে আজিলৈ গুৰুত্ব দিয়া নাই। সেয়ে অনিচ্ছা সত্বেও শিক্ষা দানৰ পৰা বিৰত থাকিব লগা হৈছে শিক্ষকসকল। ৰাজ্য চৰকাৰে যদি অতিশীঘ্ৰে শিক্ষকসকলৰ দাবী পূৰণ নকৰে তেনেহ’লে অনাগত সময়ত আৰু অধিক তথা তীব্ৰ আন্দোলন গ্ৰহণ কৰা হ’ব বুলি জনায়। উল্লেখযোগ্য যে আজিৰ কার্যসূচীত দৰং জিলা কৰ্মচাৰী সন্থাইও অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।