কোকৰাঝাৰত জাপানিজ এনকেফেলাইটিছত শিশুৰ মৃত্যু

 08/07/2019 - 18:21

কোকৰাঝাৰঃ কোকৰাঝাৰত আজি জাপানিজ এনকেফেলাইটিছত এজনী পাঁচ বছৰীয়া কণমানিৰ মৃত্যু হয়। জানিব পৰা মতে কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ২ নং চৌটাকীৰ মজিদ আলীৰ কন্যা আফছিনা খাতুন জাপানিজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ বঙাইগাঁৱৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

কিন্তু ক্ৰমান্বয়ে অৱস্থা গুৰুতৰ হোৱাত জিএমচিএইচত ভৰ্তি কৰায়। আজি চিকিৎসাধীন অৱস্থাতে আফছিনা খাতুন মৃত্যু মুখত পৰাত জাপানিজ এনকেফেলাইটিছ ৰোগত মৃতকৰ সংখ্যাই কোকৰাঝাৰত তিনি হ’লগৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।