প্ৰতীক হাজেলাই সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰাৰ অভিযোগ ইত্তেহাদ ফ্ৰণ্টৰ

 08/07/2019 - 19:21

দলগাঁওঃ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই SOP আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে। নিজৰ খেয়ালখুচি মতে চলাইছে এন আৰ চিৰ কাম। পুনৰীক্ষণৰ নামত মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিকভাবে চাপত ৰাখিবলৈ নিজৰ খেয়ালখুচি মতে শুনানি লৈছে হাজেলাই। এন আৰ চিৰ ধাৰবাহিক শুনানিৰ বাবেই অৰ্থনৈতিকভাবে কোঙা হৈ পৰিছে সংখ্যালঘুসকল। এই অভিযোগ ৰাজ্যিক ইত্তেহাদ ফ্ৰণ্টৰ সাধাৰণ সম্পাদক নুৰ ইছলামৰ।

তেওঁ কয় যে প্ৰতীক হাজেলাই SOP ৰ লগতে উচ্চতম ন্যায়ালয়ৰ দুটাকৈ আদেশ উলংঘা কৰিছে। খচৰাত অন্তৰ্ভূক্ত লোকৰ পুনৰ শুনানিৰ প্ৰয়োজন নহয় বুলি উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতো হাজেলাই পুনৰ শুনানি গ্ৰহণ কৰি এন আৰ চিৰ কাম লেহেমীয়া কৰিছে। SOP মতে, শুনানি গ্ৰহণ কৰিবলগীয়া ব্যক্তিক ১৫ দিন আগতে জাননী দিব লাগে যদিও ১২/২৪ ঘণ্টা পূৰ্বে জাননী জাৰি কৰাৰ লগতে শুনানি অনুষ্ঠিত হ’ব লগীয়া দিনতো একাংশক জাননী দিয়া হৈছে।

৪০০/৫০০ কিলোমিটাৰ দূৰৈত যাবলৈ কিমান সময় লাগিব বুলিও প্ৰশ্ন কৰে হাজেলাক। আনহাতে SOP মতে, গৃহ জিলাতেই শুনানি গ্ৰহণ কৰিব লাগে যদিও প্ৰতীক হাজেলাই সকলো নীতি নিয়ম ভৰিৰে মোহাৰি কিহৰ স্বাৰ্থত দুখীয়া নিচলাক ৫০০/৬০০ কিলোমিটাৰ দূৰৈত শুনানিৰ বাবে মাতিছে তাৰ উত্তৰ হাজেলাই দিব লাগিব বুলি সংগঠনটোৱে কয়। আনহাতে শুনানিলৈ যাওঁতে দুৰ্ঘটনাত নিহত আৰু আহতৰ নিকট আত্মীয়লৈ ক্ৰমে ২০ লাখ আৰু ১০ লাখকৈ টকা সাহায্য দিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।