ৰঙিয়াত দিন দুপৰতে ধন লুট দুৰ্বৃত্তৰ

 08/07/2019 - 19:39

ৰঙিয়াঃ ৰঙিয়াত দিন দুপৰতে ধন লুটৰ ঘটনা। বাইকত অহা দুজনীয়া দুৰ্বৃত্তই থপিয়াই নিলে দুই লাখ টকা। ডকাইতি কাণ্ডৰ দৃশ্য বন্দী চিচি কেমেৰাত। ৰঙিয়া ভূটান ৰোডৰ এইচডিএফচি বেংকৰ সমীপত সংঘটিত হয় এই ঘটনা। তামুলপুৰৰ ৰাজেশ্বৰ বড়ো নামৰ এজন লোকে এছবিআই ৰঙিয়া শাখাৰ পৰা উলিয়াই আনিছিল দুই লাখ টকা।

পাছত বাইকত আহি পথ অতিক্ৰম কৰিব লওঁতেই ঘটিল এই ঘটনা। ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে ৰঙিয়া থানাত গোচৰ তৰিছে। আৰক্ষীয়ে এই দুই দুৰ্বৃত্তৰ সন্ধানত জোৰদাৰ অভিযান চলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।