ৰঙিয়া অসামৰিক চিকিৎসালয়ত বিশ্ব স্তনপান সপ্তাহ পালন

 08/07/2019 - 20:18

ৰঙিয়াঃ মাতৃদুগ্ধ শিশুৰ বাবে আটাইতকৈ উন্নত আহাৰ। শিশুৰ বাবে মাতৃদুগ্ধৰ বিকল্প আন একোৱেই আহাৰ নাই। জন্মৰ পিছত যিমান সোনকালে পাৰি সিমান সোনকালে মাতৃদুগ্ধ খুৱাব লাগে আৰু ছমাহ পৰ্যন্ত কেৱল মাতৃদুগ্ধই শিশুৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি যোগান ধৰে। মাতৃদুগ্ধত শিশুৰ বাবে লগা সকলো খাদ্য যিমান প্ৰয়োজন সিমান পৰিমাণতে থাকে। পুষ্টি, সুৰক্ষা আৰু মমতা-এই তিনিটা বস্তু একেলগে কেৱল মাতৃদুগ্ধতহে পোৱা যায় বুলি বক্তব্য আগবঢ়াই আজি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পালন কৰা বিশ্ব স্তনপান দিৱসত শিশু চিকিৎসক ডাঃ জয়ন্ত শৰ্মাই।

অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত অসামৰিক চিকিৎসালয়খনৰ পৰিয়াল পৰিকল্পনা বিভাগৰ পৰামৰ্শদাতা অনিমা বেগমে আঁত ধৰা অনুষ্ঠানটিত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ এল.এইচ.এছ কুঞ্জলতা দাসে নিজ বক্তব্যত কয় যে জন্মৰ পিছত এঘণ্টাৰ ভিতৰতে শিশুক দুগ্ধপান কৰোৱাব লাগে। প্ৰথমে নিৰ্গত হোৱা কলেষ্ট্ৰামযুক্ত দুগ্ধ শিশুৰ বাবে অতি উপকাৰী। মাতৃদুগ্ধত থকা প্ৰ’টিন, ফেট, ভিটামিন আদিয়ে শিশুৰ বিকাশত সহায় কৰে।মাতৃদুগ্ধ পান কৰা শিশু পেটৰ অসুখ, নিউ’মনিয়া, এলাৰ্জী, ভাইৰেল জ্বৰ আদিৰ পৰা বহু পৰিমাণে সুৰক্ষিত থাকে, শিশুৰ মৃত্যুৰ হাৰ কমাই আৰু পিছলৈ ডায়েবেটিছ আদি ৰোগৰ সম্ভাৱনাও বহুখিনি কমাই বুলিও কয়।

শৰীৰৰ হাড়ৰ গঠন আৰু শক্তি বৃদ্ধি কৰে। মগজুৰ বিকাশত সহায় কৰে আৰু তাৰ উপৰি মাতৃদুগ্ধ প্ৰদুষণমুক্ত আৰু বিনামুলীয়া। দুগ্ধপান কৰোৱা মাতৃ আৰু শিশুৰ মাজত এক মৰম ভাৱৰ সৃষ্টি আৰু ই ভৱিষ্যৎ জীৱনত দুয়োৰে মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে বুলি কয় দাসে। লগতে দাসে দুগ্ধপান কৰোঁৱা মাতৃৰ শৰীৰ অৱস্থা গৰ্ভাৱস্থানৰ আগৰ অৱস্থালৈ সোনকালে ঘূৰি আহে। মাতৃৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ সম্ভাৱনা কমে। প্ৰসৱৰ পিছৰ ৰক্তক্ষৰণ বহু পৰিমাণে কমায় বুলিও জানিবলৈ দিয়ে।

অনুষ্ঠানৰ শেষত চিকিৎসালয়খনৰ উপ অধীক্ষক দিলীপ কুমাৰ বৈশ্যই বিশ্ব স্তনপান দিৱসৰ ওপৰত সাৰুৱা বক্তব্য ৰখাৰ উপৰি শিশুৰ পৰিপুৰক আহাৰ, স্তনপানৰ উপকাৰিতাৰ লগতে শিশুক স্তনপান কৰোৱাত যিকোনো অসুবিধা হলে এএনএম, আশা আৰু অংগনবাড়ী কৰ্মীৰ সৈতে যোগাযোগ আৰু পৰামৰ্শ লোৱাৰ বাবে আহ্বান জনায়। উল্লেখ্য যে কামৰূপ জিলাৰ ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত পহিলা আগষ্টৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে বিশ্ব স্তনপান দিৱস পালন কৰি আজি বিশ্ব স্তনপান দিৱসৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়।

প্ৰতি বছৰে বিশ্বৰ ১২০খনৰো অধিক দেশত বিশ্ব স্তনপান দিৱস পালন কৰা হয়। ১৯৯১ চনত আৰম্ভ কৰা এই বিশ্ব স্তনপান দিৱসৰ যোগেদি নৱজাতকক স্তনপান কৰাবলৈ বিশ্বজুৰি মাতৃসকলক আহ্বান জনোৱাই হৈছে ইয়াৰ মূল উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থায়ো দেশে দেশে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। ভাৰতত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আদিয়ে প্ৰচাৰ চলাইছে দেশজুৰি। আজিৰ দিৱসত উপস্থিত থাকে সংবাদকৰ্মী পহৰেদ আলী আহমেদ, ফাৰ্মাচিষ্ট খালেক জামান, চিকিৎসালয় কৰ্মকৰ্তা অমূল্য বৈশ্য, গৌতম কলিতা প্ৰমুখ্যে চিকিৎসালয় কেইবাগৰাকী কৰ্মচাৰী, অৰ্ধশতাধিক মাতৃ, নৱজাতকৰ উপৰি শতাধিক ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।