বিজনীত সূত্ৰধৰ সন্মিলনীৰ স্মৃতিচাৰণ আৰু সম্বৰ্ধনা সভা

 08/07/2019 - 20:26

বিজনীঃ চিৰাং জিলাৰ বিজনীত বুধবাৰে সদৌ বিটিচি সূত্ৰধৰ সন্মিলনী আৰু বিজনী জিলা সূত্ৰধৰ সন্মিলনীৰ যৌথ উদ্যোগত সূত্ৰধৰ সকলোৰ পিতৃ স্বৰূপ তাৰাপ্ৰসাদ সূত্ৰধৰৰ অষ্টম মৃত্যু বাৰ্ষিকী লগতে সূত্ৰধৰ জাতিৰ প্ৰয়াত বৰেণ্য ব্যক্তি সকলোৰ স্মৃতিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

বিজনীস্থিত ড০ আম্বেডকাৰ ভৱনত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি বিগত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সূত্ৰধৰ জাতিৰ প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্র-ছাত্ৰীসকলৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠানৰো আয়োজন কৰে সন্মিলনীয়ে।

সদৌ বিটিচি সূত্ৰধৰ সন্মিলনীৰ সভাপতি অমূল্য সূত্ৰধৰৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ আৰু সম্বৰ্ধনা সভাত অসম খনিজ সম্পদ উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী, কোকৰাঝাৰ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক পৰেশ চন্দ্ৰ ৰায়কে আদি কৰি সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ নেতৃবৃন্দ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।