অতিৰিক্ত মুখ্য সচিবৰ বৰপেটা জিলাৰ বানৰ সন্দৰ্ভত পৰ্যালোচনা

 08/07/2019 - 20:28

হাউলীঃ ৰাজ্য চৰকাৰৰ গৃহ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা তথ্য আৰু জনসংযোগ আদি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণই আজি বৰপেটা জিলাৰ বান দুৰ্যোগৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে পাঠশালালৈ আহে। তেওঁৰ সৈতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব অশোক বৰ্মনো আহে। তেওঁলোকে পোনতে বজালী মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে বানপানীৰ পিছত ল'ব পৰা ব্যৱস্থাসমূহৰ বিষয়ে কিছু পৰামৰ্শ আগবঢ়ায়।

আলোচনাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰবীন কুমাৰ, মহকুমাধিপতিৰ বিজয় ৰেড্ডী, জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু বিভিন্ন বিভাগীয় বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পিছতে অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণই পহুমৰা নৈৰ বানে চিগা গহীনপাৰাৰ মথাউৰিটো পৰিদৰ্শন কৰাৰ উপৰি বজালী ৰাজহ চক্ৰৰ কাৰ্যালয়ত প্ৰবেশ কৰি ইয়াৰ কাম-কাজ পৰ্যবেক্ষণ কৰে। পিছত তেওঁ চক্ৰ বিষয়াৰ নিৰ্মিয়মান কাৰ্যালয় ভৱনটোও পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।