কোকৰাঝাৰৰ প্ৰিয়ংকা আঞ্চালীয়াৰ শিৰত টীন দিব্যা অৱ ইণ্ডিয়া গ্ল’ৱ ২০১৯ ৰ মুকুট

 08/07/2019 - 20:58

কোকৰাঝাৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা মিছ এণ্ড মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত কোকৰাঝাৰৰ প্ৰিয়ংকা আঞ্চালীয়াই টীন দিব্যা অৱ ইণ্ডিয়া গ্ল’ৱ ২০১৯ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰোপৰি প্ৰিয়ংকাই বেষ্ট ফেচ অব দা ইয়েৰ ২০১৯ ৰ খিতাপো আজুৰি আনিবলৈ সক্ষম হৈছে৷

অতি কম বয়সতে সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰিয়ংকাই পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজনৰ উৎসাহ-উদ্দীপনাৰ বাবেই এয়া সম্ভৱ হ’ল বুলি জানিব দিছে৷ উল্লেখ্য যে প্ৰিয়ংকা কোকৰাঝাৰ চহৰ নিৱাসী কমল আঞ্চালীয়া আৰু শীলা দেৱনাথ আঞ্চালীয়াৰ কন্যা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।