বিশ্ব ছিনিয়ৰ টাইকোৱানডোলৈ নিৰ্বাচিত অসমৰ ৰ’দালি-দীপিকা

 03/30/2019 - 14:17

গুৱাহাটীঃ দিনক দিনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে অসমৰ ক্ৰীড়া প্ৰতিভা। অসমলৈ পুনৰ আহিছে এক সুখবৰ। অহা ১৫ মে’ৰ পৰা ইংলেণ্ডৰ মানচেষ্টাৰ চিটিৰ এটিহাড ষ্টেডিয়ামত হ’ব লগীয়া বিশ্ব ছিনিয়ৰ টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিছে অসমৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈ ৰ’দালি বৰুৱা আৰু দীপিকা হাজৰিকাই।

যোৱা বছৰ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল খেলুৱৈ দ্বয়ে। উল্লেখযোগ্য যে যোৱাবাৰ ভিয়েটনামত অনুষ্ঠিত ২৩ সংখ্যক এছিয়ান চেম্পিয়নশ্বিপত দেখুওৱা সুন্দৰ প্ৰদৰ্শন আৰু জাকাৰ্টাত অনুষ্ঠিত ১৮ সংখ্যক এছিয়ান গেইমছ আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাতত ব্ৰঞ্জৰ পদক লাভ কৰাৰ সুবাদত তেজপুৰৰ জীয়ৰী ৰ’দালিয়ে জাকাৰ্টা এছিয়ান গেইমছৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

বিশ্ব ছিনিয়ৰ টাইকোৱানডো প্ৰতিযোগিতাত ৰ’দালি বৰুৱাই ৭৩ কেজি ওজন শাখাত আৰু দীপিকাই ৪৬ কেজি শাখাত খেলিব। উল্লেখ্য যে বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ দেশৰ খেলুৱৈৰে সমৃদ্ধ হ’বলগীয়া প্ৰতিযোগিতাখনত ৰ’দালিয়ে এইবাৰ পদক বুটলি অনাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি অসম টাইকোৱানডো সন্থাই আশা প্ৰকাশ কৰিছে।একেদৰে দীপিকাও বেছ প্ৰতিভাৱান। দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈৰ অন্তৰ্ভুক্তিত অসম টাইকোৱানডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াই সন্তোষ প্ৰকাশ কৰাৰ লগতে প্ৰতিযোগিতাখনিত দুয়োৱে অনবদ্য প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।