08/07/2019 - 21:27
in
জাগীৰোডঃ আজি দিনজোৰা কাৰ্য্যসূচীৰে জাগীৰোডৰ "আনন্দ" নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁৱৰ বিভিন্ন বানাক্ৰান্ত লোকক ঔষধিযুক্ত সামগ্ৰী ফিনাইল, ব্লিচিং পাউডাৰ, চাবোন, ফিটকাৰী আদি বিতৰণ কৰে। জাগীৰোডৰ অগ্ৰণী যুৱক তথা "আনন্দ" নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি তপন কুমাৰ ডেকাৰ একান্ত প্ৰচেষ্টাত ইয়াৰ আগতো জাগীৰোডৰ বিভিন্ন স্থানত বানাক্ৰান্ত লোকক খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন বস্তু বিতৰণ কৰি সাহায়ৰ হাত আগবঢ়াই আহিছে।
আজি ঔষধিযুক্ত সামগ্ৰী বিতৰণ কৰাৰ আগ মূহূৰ্তত ভাৰতৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু বিদেহী আত্মাৰ সদগতি কামনা কৰে। লগতে মৃত স্বৰাজৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে "আনন্দ"ৰ হৈ মৰিগাওঁ জিলা বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি বাবুল কৰ্মকাৰে।