08/08/2019 - 13:30
in
ৰঙিয়াঃ দৰৱ পাতি লৈ ৰঙিয়াৰ বানাক্ৰান্ত অঞ্চলত ঘূৰিছে মন্ত্ৰী ভৱেশ কলিতা। ৰঙিয়া সমষ্টিৰ বান বিধ্বস্ত অঞ্চলত গুৱাহাটী লায়ন্স ক্লাৱৰ সদস্যক লগত লৈ বান সাহয্য বিতৰণ কৰিছে মন্ত্ৰীগৰাকীয়ে। ৰঙিয়াৰ গোপালপুৰত বানত আক্ৰান্ত পাঁচশ পৰিয়ালক লায়ন্স ক্লাৱ অনমোলে বিতৰণ কৰিলে খাদ্য সামগ্ৰীৰ লগতে ঔষধ পাতি। তদুপৰি অভিজ্ঞ চিকিৎসকৰ দ্বাৰা অঞ্চলটোৰ লোকসকলৰ স্বাস্থ্যও পৰীক্ষা কৰোৱায়।
মন্ত্ৰী ভৱেশ কলিতাই লায়ন্স ক্লাৱৰ সদস্যসকলক লগত লৈ ৰঙিয়াৰ গোপালপুৰ, কুমটিবাৰী, বাথান অঞ্চলৰ বানাক্ৰান্ত লোকসকল বিতৰণ কৰিলে এইসমূহ সামগ্ৰী। বিশেষকৈ বানপানী শুকোৱাৰ পাছত অঞ্চলটোত প্ৰাদুৰ্ভাৱ ঘটা ৰোগসমূহৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী ভৱেশ কলিতাই লায়ন্স ক্লাৱক লগত লৈ ৰাইজক সকাহ দিয়াৰ চেষ্টা চলাইছে।