মানকাচৰত গভাইত গৰু চোৰ আটক

 08/08/2019 - 14:14

মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিয়ালটাৰী গাঁৱৰ ৰহিতল আলী নামৰ ব্যক্তি এজনে ঈদ-উজ-জোহা উপলক্ষে কুৰবানীৰ বাবে গৰু এটা কিনি আনিছিল। কিন্তু কালি মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঠাকুৰানবাৰী (টিলাৰ গাঁও)ৰ গভাইত চোৰ আশ্ৰাফুল আলীয়ে ৰহিতল আলীৰ গৰুটো পথাৰৰ পৰা চুৰি কৰি লৈ যায় আৰু মানকাচৰৰ বুধবৰীয়া বজাত গৰুটো কাটি মঙহ বিক্ৰী কৰে।

পিছত ইকাণে সিকাণে কথাটো পোহৰ অহাত গৰুৰ গৰাকীজনে গভাইত চোৰ আশ্ৰাফুল আলীক সোধ পোছ কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে। পিছত ৰাইজে উত্তম মাধ্যম দি চোৰটোক মানকাচৰ আৰক্ষী থানাৰ আৰক্ষীক চমজাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।