বড়োলেণ্ডৰ দাবীত সৰৱ এবছু-এনডিএফবি(প্ৰ)-পিজেএচিবিএম

 08/08/2019 - 14:28

কোকৰাঝাৰঃ কেন্দ্ৰীয় চৰকাৰে জন্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক) প্ৰত্যাহাৰ কৰি জন্মু কাশ্মীৰ আৰু লাডাখ নামেৰে দুখন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰাৰ পিছতেই পুনৰাই পৃথক বড়োলেণ্ডৰ দাবীত সৰৱ হৈ পৰিছে এবছু, এনডিএফবি (প্ৰ) আৰু পিজিএচিবিএমে। আজি উপৰোক্ত সংগঠন তিনিটাৰ উদ্যোগত কোকৰাঝাৰ সদৰ চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তথা শিশু উদ্যানৰ সন্মুখত পৃথক বড়োলেণ্ডৰ দাবীত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত ধৰ্মঘট কাৰ্যসূচীত সহস্ৰাধিক জনতাই হাতে হাতে বেনাৰ ফেষ্টুন, পতাকা, প্লেকাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে চহৰৰ আকাশ বতাহ উত্তাল কৰি তোলে। কেন্দ্ৰীয় চৰকাৰে যদি জন্মু-কাশ্মীৰক দ্বিখণ্ডিত কৰি দুখন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰিব পাৰে তেনেহ’লে অসমক দ্বিখণ্ডিত কৰি পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিব নোৱাৰাৰ কোনো কাৰণ নাই বুলি ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা নেৰ্তৃবৰ্গই মন্তব্য কৰি বিজেপি চৰকাৰে লাডাখৰ জনতাক ন্যায় দিয়াৰ দৰে বড়োলেণ্ডৰ জনতাকো ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।