দৰঙৰ বানপীড়িতক ছ’চাইটি ফৰ ব্ৰাইথ ফিউচাৰৰ বান সাহায্য বিতৰণ

 08/08/2019 - 14:40

খাৰুপেটিয়াঃ দৰঙৰ বিভিন্ন অঞ্চল প্ৰলয়ংকৰী বান পানীয়ে বিধ্বস্ত কৰাৰ সমান্তৰালে দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত জীয়া ধনশিৰি নৈ পৰীয়া কেইবাটাও পৰিয়াল সম্প্ৰতি গৃহহীন হৈছে৷ আশ্ৰয়হীন পৰিয়ালৰ মাজত বেচৰকাৰী সংস্থা ছ’চাইটি ফৰ ব্ৰাইথ ফিউচাৰৰ কৰ্মীসকলে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি প্ৰসংশনীয় কাম কৰিছে৷ বানপানীৰ ধ্বংসলীলা আৰম্ভ হোৱাৰে পৰা বেচৰকাৰী সংস্থাটোৱে ৰাজ্যখনৰ লগতে দৰঙৰ বিভিন্ন অঞ্চলৰ বন্যাৰ্তৰ মাজত ৰিলিফ সামগ্ৰী বিতৰণ কৰি আহিছে৷

বুধবাৰে সংস্থাটোৰ কৰ্মীসকলে শিয়ালমাৰী হাইস্কুলত থকা বন্যাৰ্তৰ মাজত আৰু ২ নং শ্যামপুৰ মাঠখোলা ভিটিৰ বন্যাৰ্তৰ মাজত ৫ কেজি চাউল, ১ কেজি মিঠাতেল, ১ কেজি চেনি, ১ কেজি ছাৰ্ফ, ২টা চাবোন, ২.৫ গ্ৰামকৈ ফেনাইল আৰু এটাকৈ তিৰ্পাল বিতৰণ কৰে৷ উল্লেখ্য যে দলগাঁও ৰাজহ চক্ৰৰ কাছোমাৰী সোনাৰী, কাছোমাৰী নেপালী আৰু নদিৰপাৰ গাঁৱৰ কুৰিটা পৰিয়ালৰ ঘৰ-বাৰী জীয়া ধনশিৰি নৈত জাহ যোৱাত গৃহহীন হৈ শিয়ালমাৰী হাইস্কুলত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে শ্যামপিৰ চৰতো ১১ টা পৰিয়াল আশ্ৰয়হীন হৈ পৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।