মিৰ্জাত চুলাই মদৰ অবৈধ বেহাঃ চুলাইসহ ব্যৱসায়ীক আটক

 08/08/2019 - 14:56

মিৰ্জাঃ অসমত চুলাই মদৰ ট্ৰেজেদী মাৰ নাযাওতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ সক্ৰিয় হৈ উঠিছে অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা। সঘনাই এই চুলাই মদ সেৱন কৰি বহু লোক মৃত্যুৰ মুখত পৰা ঘটনাৰ পৰা আজিও শিক্ষা নল’লে একাংশ অসাধু চক্ৰই। বুধবাৰে গধূলি প্ৰায় ৫.৩০ মান বজাত মিৰ্জা আবকাৰী চক্ৰৰ সহপৰিদৰ্শক সতীশ বৰ্মনৰ নেতৃত্বত যোৱা এটি দলে গোপন অভিযান চলাই এজন অবৈধ চুলাই মদ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

সহ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়া মতে জগেশ্বৰ বড়ো (৫০) নামৰ ব্যক্তিজনে মিৰ্জাৰ সমীপৰ গোসাঁইহাত পিৰপাৰাৰ পৰা পলাশবাৰী অভিমুখী ই-ৰিক্সাৰে অন্য যাত্ৰীৰ সৈতে গৈ থকাৰ অৱস্থাত বৰকুছী গদেবড়ীৰ পৰা ৮০ লিটাৰ চুলাই মদসহ জগেশ্বৰ বড়োক আটক কৰে।

অতি কৌশলেৰে ই-ৰিক্সাত এটা বস্তাত ভৰাই বড়োৱে পলাশবাৰীলৈ লৈ গৈ আছিল অবৈধ চুলাই মদখিনি। পিছত মিৰ্জা আবকাৰী চক্ৰই ব্যৱসায়ীজনক আটক কৰি মিৰ্জাস্থিত চক্ৰলৈ লৈ আনি স্বাস্থ্য পৰীক্ষা কৰি আৱকাৰী কেচ নং ০২\২০১৯, ইউ\এচ ৫৩(১)এ ই (AE) এক্ট ২০১৮ ত এক গোচৰ পঞ্জীয়ন কৰি আমিনগাঁওস্থিত মুখ্য ন্যায়াধিশৰ আদালতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বৃহত্তৰ মিৰ্জাৰ বিভিন্ন স্থানত গোপনে প্ৰায়েই এই চুলাই মদৰ বেহা চলাই আছে একাংশ অসাধু ব্যৱসায়ীয়ে। পৰৱৰ্তী সময়ত আবকাৰী বিভাগে এই চুলাই মদৰ ঘাটিসমূহ সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ কেতিয়ালৈ সক্ষম হ'ব সেইটোহে লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।