মহানগৰীত ৰেপিড’ চালক সন্ধানহীন

 08/08/2019 - 15:24

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ ৰূপনগৰৰ ৰাজু চৌধুৰী নামৰ এজন ব্যক্তি যোৱা ৫ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে।মানুহজনে আৰ্থিক অভাৱৰ বাবে কিছুদিনৰ পৰা Rapido চলাই আছিল। সন্ধানহীন হোৱাৰ দিনা আবেলি ৪ মান বজাত এবাৰ ঘৰলৈ আহি পুনৰ কামলৈ যায়।

কিন্তু নিশা প্ৰায় ৯ বজাত বিৰুবাৰী আউট পোষ্টৰ পুলিচে চৌধুৰীৰ ঘৰত আহি ৰাজু চৌধুৰীৰ মটৰ চাইকেলখন, বাইকৰ চাবি, হেলমেট আৰু পাৰ্চটো পুৰণি শৰাইঘাট দলঙৰ ওপৰত পোৱা বুলি খবৰ দিয়ে। কিন্তু তেওঁ‌ৰ হাতত থকা ম'বাইল ফোন দুটা চুইটছ অফ থাকে। বৰ্তমান প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্ৰ পোৱা নাই। ৰাজু চৌধুৰী দুজনী কণ কণ ছোৱালী আৰু পত্নীৰ সৈতে ৰূপনগৰ ডেকাগিৰী পথত ভাৰাতীয়া হিচাপে আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।