বিজেপিৰ নিৰ্বাচনী গীত মুকলি

 03/30/2019 - 14:40

গুৱাহাটী: সমাগত লোকসভা নিৰ্বাচন। সকলো ৰাজনৈতিক দলেই এতিয়া ব্যস্ত হৈ পৰিছে ভোটাৰৰ মন আকৰ্ষিত কৰিবলৈ। কোনোৱে যি শ্লো'গানেৰে আন কোনোৱে আকৌ সহায় লৈছে জনপ্ৰিয় গানৰ। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ৰাজ্যিক বিজেপিও।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি মুকলি কৰা হয় দুটাকৈ নিৰ্বাচনী গীত। 'আকৌ এবাৰ মোদী চৰকাৰ' শীৰ্ষক গীতটো কণ্ঠদান কৰিছে সীমান্ত শেখৰ আৰু বাস্তৱে। আনহাতে, 'আমিয়েই চকীদাৰ' গীতটো প্ৰযোজনা কৰিছে ববিতা শৰ্মাই আৰু গীতটো কণ্ঠদান কৰিছে কল্পনা পাটোৱাৰী আৰু দীক্ষুয়ে।

এই গীত দুটাৰ ভিডিঅ'ও শীঘ্ৰে মুক্তি লাভ কৰিব। গীতৰ শুভমুক্তি অনুষ্ঠানত অভিনেত্রী আইমী বৰুৱা,যতিন বৰা,পবিত্র মাৰ্ঘেৰিটা,ভগৱত প্ৰীতমকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।