বলবমৰ নিশাই ডিগবৈত পথৰ মাজত বাট হেৰুৱা এটি শিশু উদ্ধাৰ

 08/08/2019 - 15:35

ডিগবৈঃ এটি প্ৰায় ন বছৰীয়া শিশু সোমবাৰৰ নিশা ডিগবৈ পথৰ মাজত অকলে খোজ কাঢ়ি ঘূৰি ফুৰাত গোলাইৰ একাংশ মহিলাই শিশুটোক উদ্ধাৰ কৰি লৈ আহে। ৰাহুল তাঁতী বুলি পৰিচয় দিয়া শিশুটোৱে নিজৰ ঘৰ ক'ত সেইয়াও ভালকৈ ক’ব নাজানে। যোৱা দেওবাৰে বলবোম চাবলৈ আহি বাট হেৰুৱা বুলি শিশুটোৱে জানিবলৈ দিয়ে।

শিশুটোক গোলাইৰ কৰণ মুঢ়া নামৰ যুৱক এজনৰ ঘৰত বৰ্তমানে আশ্ৰয় দি ৰখা হৈছে। শিশুটোৰ বিষয়ে ডিগবৈ আৰক্ষী থানাত জনোৱাৰ তিনিদিন অতিক্ৰম কৰাৰ পাছতো শিশুটোৰ ঠিকনাৰ কোনো পৰিচয় নোলোৱাত অৱশেষত সাংবাদিকৰ কাষ চাপে শিশুটোক আশ্ৰয় দি ৰখা গোলাইৰ কৰণৰ পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।