ডুমডুমাৰ বাঘজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

 08/08/2019 - 15:56

ডুমডুমাঃ চাহনগৰী ডুমডুমাৰ বাঘজান চাহ বাগিচাত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি হয়। অইল ইণ্ডিয়া লিমিটেডে বাগিচাৰ ৩৩ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে চাহ শ্ৰমিকসকলে তীব্ৰ বিৰোধিতা কৰে। বাগিচাখনৰ কাম বন্ধ কৰি সহস্ৰাধিক শ্রমিকে বাঘজান চাহ বাগিচাত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। পৰৱর্তী সময়ত প্রতিবাদীসকলে বাঘজান থানালৈ গৈ থানা সন্মুখত সহস্ৰাধিক শ্রমিকে প্ৰশাসন আৰু অইল কৰ্তৃপক্ষৰ বিৰোধে তীব্ৰ প্ৰতিবাদ জনাই, আৰক্ষী প্রশাসন মুর্দাবাদ, অইল ইণ্ডিয়া গ’ বেক, তেজ দিম মাটি নিদিওঁ আদি শ্লগানেৰে আকাশ পাতাল কঁপাই তুলে।

চাহ মজদুৰ সংঘ, আটছা, আছা আদি সংগঠনৰ নেতৃত্বত হয় এই প্ৰতিবাদ। অভিযোগ মতে প্রশাসন আৰু অইল কতৃপক্ষই চাহ শ্ৰমিকৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ ভয়-ভাবুকিৰে বাগিচাৰ ভূমি অধিগ্ৰহণ কৰিব বিচাৰাত বাগিচাখনৰ শ্ৰমিক ক্ষুব্ধ হৈ আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছে। লক্ষনীয়ভাবে বাগিচাখনৰ মেনেজাৰ আৰু বাঘজান থানাৰ আৰক্ষী বিষয়াই এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।