টিক-টকত ভিডিঅ’ বনাবলৈ গৈ অকাল মৃত্যুক সাবটিলে স্কুলীয়া ছাত্ৰই

 08/08/2019 - 16:01

ডিজিটেল ডেস্কঃ বৰ্তমান টিক-টকৰ জ্বৰত আক্ৰান্ত হৈছে একাংশ ছাত্ৰ-ছাত্ৰী। এই টিক-টক ভিডিঅ’ বনাবলৈ গৈয়ে এতিয়া বহু লোকে মৃত্যুৰ মুখত পৰিছে। আচলতে টিক-টক এনে এক মাধ্যম য’ত ভিডিঅ’ বনাই অতি কম সময়তে জনপ্ৰিয় হ’ব পাৰি। সেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বিভিন্ন ষ্টাণ্ট কৰি ভিডিঅ’ বনাই মৃত্যুক সাৱটিছে বহুকেইজন ছাত্ৰই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া টিক-টক ভিডিঅ’ বনাবলৈ ষ্টাণ্ট কৰা সময়ত মৃত্যু মুখত পৰা বহু ঘটনা পোহৰলৈ আহিছে।

বিহাৰৰ মুজাফ্ফাপুৰৰ তেনে এক ঘটনাই বৰ্তমান অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে মুজাফ্ফৰপুৰ ব্ৰহ্মপুৰৰ চাৰিজন স্কুলীয়া ছাত্ৰই স্কুল নগৈ টিক-টকত ভিডিঅ’ বনোৱাৰ উদ্দেশ্যে এখন নদীত জাপ দিয়ে। কিন্তু জাপ দিয়া পিছতে পানী গভীৰতাৰ ফলত ছাত্ৰকেইজন ডুব যাবলৈ ধৰে। চাৰিজন ছাত্ৰৰ ভিতৰত এজন ছাত্ৰই কোনোৰকমে প্ৰাণ ৰক্ষা কৰে যদিও আন তিনিজন পানীত ডুব যায়।

এই কথা বিয়পি পৰাৰ লগে লগে ছাত্ৰকেইজনৰ অভিভাৱক তথা আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে কিন্তু উদ্ধাৰ কৰা পূৰ্বে দুজন ছাত্ৰৰ মৃত্যু হয় আৰু আনজন ছাত্ৰ বৰ্তমান সন্ধানহীন হৈ আছে। প্ৰশাসনে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো শুংসূত্ৰ পাবলৈ সক্ষম হোৱা তেনেদৰে পাঞ্জাবতো তথা আন বহু ৰাজ্যত টিক-টকত ভিডিঅ’ বনাবলৈ ষ্টাণ্ট কৰি মৃত্যু মুখত পৰে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।