ওৰাঙত টি ভি এছ মটৰ চাইকেলৰ বিক্ৰী কেন্দ্ৰ মুকলি

 08/08/2019 - 16:08

ওৰাংঃ ওৰাং চাৰিআলিত টি ভি এছ মটৰ চাইকেলৰ (ওৰাং টি‌ ভি এছ চেলছ কাউণ্টাৰ) নামৰ এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। অসম অৰুণাচল সংযোগী ৰূপা পথত ওৰাং পৰিদৰ্শন বংলাৰ নিচেই কাষতে নতুনকৈ আৰম্ভ কৰা হৈছে এই টি ভি এছ মটৰ চাইকেলৰ বিক্ৰী কেন্দ্ৰটো। কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে ওৰাং ভি চি ডি চিৰ সভাপতি বেনুধৰ অধিকাৰীয়ে।

গ্ৰাহকৰ সুবিধাৰ্থে অতি কম সময় আৰু কম খৰচতে ফাইনেঞ্চ আদি উপলব্ধ হ’ব এই বিক্ৰী কেন্দ্ৰটোত। উল্লেখযোগ্য যে গ্ৰাম্য নগৰী ওৰাঙত এই খনেই প্ৰথম বাইকৰ শ্ব'ৰুম। ওৰাং চাৰিআলিৰ উদীয়মান যুৱক তুহিন ডেকা আৰু ৰমেন্দ্ৰ ঠাকুৰীয়াৰ প্ৰচেষ্টাত স্বত্ত্বাধিকাৰী জিতু বৰ্মনৰ সহযোগত গঢ়ি উঠিছে বাইক বিক্ৰী কেন্দ্ৰৰ প্ৰতিষ্ঠানটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।