চেলেংহাটৰ তুষাৰ পাললৈ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা

 08/08/2019 - 16:11

মৰিয়নীঃ চেলেংহাটৰ বিশিষ্ট শৰীৰ চৰ্চাবিদ, সমাজকৰ্মী তথা চেলেংহাট হেলথ্ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি তুষাৰ পালক  ড° বি আৰ আম্বেদকাৰ স্পৰ্টচ ফাউণ্ডেচনে আগবঢ়োৱা  ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ২০১৯ ৰ বাবে নিৰ্বাচিত হৈছে। অহা ২৫ আগষ্টত দিল্লীত  আয়োজন কৰা এক অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰিব তুষাৰ পালে।

চেলেংহাটৰ সন্তান তথা অঞ্চলটোৰ প্ৰতিটো সামাজিক অনুষ্ঠানত জড়িত তুষাৰ পালে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত অঞ্চলটোৰ ৰাইজ আনন্দিত হৈ পৰাৰ লগতে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।