লখিমপুৰত এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ জাতীয়তাবাদী যুৱ পৰিষদৰ

 08/08/2019 - 16:24

লখিমপুৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। জলবিদ্যুৎ প্ৰকল্প আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে লখিমপুৰত সৰৱ অসম জাতীয়তাবাদী যুৱ পৰিষদ৷ বৃহস্পতিবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত অৱস্থানৰ কৰি ধিক্কাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ অংশীদাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো।

উল্লেখো যে দল-সংগঠৰ লগতে জনতাক অন্ধকাৰত ৰাখি দ্ৰুতগতিত চলিছে ২০০০ মেগাৱট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম। অনাগত দিনত প্ৰকল্পটোৰ বিৰুদ্ধে আন্দোলন ইয়াতকৈও অধিক তীব্ৰতৰ কৰা হ’ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই। ২০১১ চনৰ পৰাই বৃহৎ নামনি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ বিৰুদ্ধে অব্যাহত আন্দোলন ৰাখিছে আৰু অব্যাহত থাকিব বুলি হুংকাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।