প্ৰধান মন্ত্ৰীলৈ পোষ্ট কাৰ্ড প্ৰেৰণ এছএফআইৰ

 08/08/2019 - 17:18

বিজনীঃ অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবীত এছএফআইৰ ৰাজ্যিক সমিতিৰ আহ্বানমৰ্মে বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনীৰ উপ-ডাকঘৰৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ৪০০ পোষ্ট কাৰ্ড প্ৰেৰণ কৰা হয়।

ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছএফআইৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ উদ্যোগত বিজনীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ স্বাক্ষৰ সংগ্ৰহ কৰি এইদৰে প্ৰধান মন্ত্ৰী মোডীলৈ পোষ্ট কাৰ্ড প্ৰেৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।