গৰৈমাৰীত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ

 08/08/2019 - 17:35

সোণতলীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ এন আৰ চিৰ শুনানিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগত গৰৈমাৰী ইদগাহ প্ৰাংগনত অনুষ্ঠিত কৰে প্ৰতিবাদী কাৰ্যসূচী৷ যোৱা ৩ আগষ্টৰ পৰা নামনি অসমৰ বিভিন্ন ঠাইত জাননী প্ৰেৰণ কৰি উজনি অসমৰ ৪০০/৫০০ কিলোমিটাৰ দূৰত শুনানিত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰায় এন আৰ চি কৰ্তৃপক্ষই৷

যাৰ ফলত কেবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো ব্যক্তি মৃত্যু হোৱাৰ লগতে বহু কেইজন ব্যক্তি গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ সেই উপলক্ষে চৰকাৰ তথা এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে দক্ষিণ কামৰূপ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় আমছুৰ সভাপতি ৰেজাউলৰ কৰিমৰ নেতৃত্বত৷ ধৰ্মঘটত ৰেজাউল কৰিম উপস্থিত এন আৰ চিৰ শুনানিৰ নামত ৰাইজকক হাৰাশাস্তি বন্ধ কৰিবলৈ আহব্বান জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।