লখিমপুৰত চিপিআই(এম)ৰ প্ৰতিবাদ

 08/08/2019 - 17:45

লখিমপুৰঃ বান, খহনীয়া ৰোধ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাসহ আঠটাকৈ দাবীৰে বৃহস্পতিবাৰে লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই (এম)৷ স্থানীয় ত্যাগ ক্ষেত্ৰৰ পৰা চিপিআইৰ কৰ্মীসকলে সমদল কৰি গৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্য্যসূচী৷

বান-খহনীয়া প্ৰতিৰোধৰ দাবী তোলাৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজ আৰম্ভ কৰাৰ পূৰ্বে নামনি অংশৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী তোলে চৰকাৰক৷ একেদৰে নীপকোৰ পানীয়ে লক্ষীমপুৰত অব্যাহত ৰখা বান বিভীষিকাৰ ক্ষেত্ৰটো নীপকো কৰ্তৃপক্ষৰ লগত চৰকাৰক আলোচনাত বহিবলৈ দাবী তোলে৷ লগতে জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰলে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।