ধিঙৰ খেলপথাৰত বিধায়িকা আঙুৰলতা ডেকা

 08/08/2019 - 17:53

ধিংঃ ধিং এক্সপ্ৰেছ হিমা দাসে অনুশীলন কৰা খেলপথাৰৰ উন্নয়নৰ বাবে দায়িত্ব লৈছে বিধায়িকা আঙুৰলতা ডেকাই। ধিং ক্ৰীড়া সন্থাৰ সভাপতি দায়িত্ব লোৱাৰ পিছতেই খেলপথাৰখনৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ দায়িত্ব গ্ৰহণ কৰিছে বিধায়িকা আঙুৰলতাই। সেই উদ্দেশ্যেৰে বৃহস্পতিবাৰে ধিং ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত হয় বিধায়িকাগৰাকী।

খেলপথাৰখন সুৰক্ষিত ৰাখিবৰ বাবে বিধায়িকাগৰাকীয়ে প্ৰথম পদক্ষেপ অনুসৰি চাৰিসীমাৰ স্থায়ী বেৰ নিৰ্মাণৰ বাবে খোজকাঢ়ি প্ৰদক্ষিণ কৰে খেলপথাৰখন। পিছে খেলপথাৰখনৰ এটা দিশত হাবি বননিৰে ভৰ্তি হৈ থকাত তাৰ মাজেৰেই যাত্ৰা কৰিলে বিধায়িকাই। খেলপথাৰখনৰ চাৰিসীমাৰ লগতে খেলুৱৈসকলৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়েও ধিং ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাৰ লগত আলোচনাত মিলিত হয় বিধায়িকা আঙুৰলতা ডেকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।